পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দ্বিতীয় অঙ্ক

প্ৰথম দৃশ্য

[ ৰাতিপুৱা-নন্দ, যশোদা, গোপবালকগণ, কৃষ্ণ, বলোৰাম আৰু অক্ৰুৰ ]

যশোদা। নিৰানন্দ ব্ৰজ, নেবাজে প্ৰভাতী কাড়া
 গোপ শিশুগণ ধৰা চূড়া পিন্ধি সৌ,
 ধেনু লৈ অপক্ষিছে প্ৰাণৰ গোপাল।
 গৰু ডামুৰীয়ে হাম্বা হাম্বা কৰি ঘনে।
 আহ্বানিছে নীলমণি। ব্ৰজবঁধুকুল
 কৃষ্ণ ধন কৃষ্ণ প্ৰাণ বুলি, সঘনে ফোঁকাৰি
 ধূলাত বাগৰে বিষাদৰ প্ৰতি মূৰ্ত্তি,
 চেনেহ কাতৰা, হিয়া মোৰ ভাঙ্গি যায়।
 বিৰহৰ কথা ভাবি। অক্ৰুড় বান্ধব
 সঁপি দিলো নয়নৰ মণি ব্ৰজপ্ৰাণ,
 তোমাৰ হাতত, সযতনে সসম্ভ্ৰমে
 ভেটাবানি ৰজাৰ আগত। অতি অজ্ঞ
 গোপ শিশু দুখীয়াৰ আচলৰ ধন।
 নেজানে ভকতি স্তুতি, ৰজাৰ আগত
 নোৱাৰিব ভয়তে মাতিব। অপৰাধ
 ক্ষমি যেন মহাৰাজে, তোমাৰে লগতে
 ওলটাই পঠিয়ায় ব্ৰজধামলৈ।