পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ দৃশ্য

যমুনাৰ তীৰ

[ জোনাক ৰাতি, গোপিনীসকলৰ প্ৰবেশ]

১মা গো। ক’তা ক’তা নাহিল দেখোন এতিয়াও
 প্ৰাণ কানু। বিৰহ যাতনা সহিম
 নো কত আৰু।
২য়া গো। কপটি কানাই ভূৱাদি ছলিলে সখি
 আজলী আমাক। উলটি যে নাহে নাহে।
 মথুৰাত হেনো ৰজা হ’ল প্ৰাণ প্ৰভু।
 কিবা ভাগ্যৱতী মথুৰাবাসিনী যত
 শ্যাম বিলাসিনী সৱে নাগৰী সুন্দৰী।
৩য়া গো। যমুনাৰ এই বালি এই সুবিমল,
 জোনৰ কিৰণ ৰজত ধৱল দেখি
 কত সুখ স্মৃতি জাগে অন্তৰত মোৰ।
 ইয়াতেই এই যমুনাৰ সুশীতল
 সুনীল পানীত কত সুখ নিশা হ'ল
 অৱসান। কি ৰূপে পাহৰি আছে আজি
 সেই কথা প্ৰাণৰ কানুৱে।

[ দূৰত বাঁহীৰ মাত শুনে। সকলো গোপী উৰ্দ্ধশ্বাসে লৰ মাৰি যায়।]