অকৃতি সন্তানে মাতে হাতে জুৰি ক্ষমা শোক মোহ এৰি
আই ঔ ক্ষমা শোক মোহ এৰি,
জনমে জনমে সেই প্ৰেমসুধা পাওঁ যেন প্ৰাণ ভৰি
আই ঔ পাওঁ যেন প্ৰাণ ভৰি।
(কৃষ্ণ বলোৰামৰ প্ৰবেশ)
যশোদা। আহা আহা মোৰ প্ৰাণধন ৰামকানু৷⸺
ওচৰলৈ আহা বাছাহঁত, শোক দগ্ধ
হিয়া মোৰ শাঁত হওক। অভাগিনী
নাৰী মই হেৰুৱালো চিৰকাললৈ
পুত্ৰ মোৰ। ধন্য সতী দৈৱকী জননী
পালে পুত্ৰ ৰামকানু হেন। তথাপিও
তোলনীয়া মাৰ বুলি অলপ মৰম
বেথা সদায় ৰাখিবা মোৰ বাছাহঁত।
(যশোদাই কান্দে)
[ কৃষ্ণ বলোৰাম কাষত বহে, কৃষ্ণই লাহে লাহে চকুৰ পানী মচি দিয়ে ]
কৃষ্ণ। আই! আই! চেনেহী জননী মোৰ তুমি,
সতী মাতৃ জন্মদাতৃ তুমি ভাগীৰথী।
উপজিয়ে অসহায় শিশু আমি দুয়ো⸺
পাইছিলো এই মাৰ সুকোমল অতি⸺
চেনেহী কোলাত ঠাই। এই প্ৰেম পূৰ্ণ
মৰম চেনেহ ভৰা বুকৰ উমত
সংসাৰ পাহৰি নিৰ্ভয়ে কটালো ৰাতি।
স্বৰগৰ অমৃত সুৱদি আপোনাৰ
স্তন্য কৰি পান ডাঙৰ দীঘল হলো।