পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
[৪ৰ্থ অঙ্ক
কৃষ্ণ লীলা


 মন যায় চাবা, অন্তৰত দেখা পাবা
 নিতে মোক। বিদায় বিদায় সখাহঁত।
 আই আই বুলি সদায় মাতিবা মোৰ
 যশোদা মাতৃক। শেষ কৰি কৈশোৰ
 জীৱন নিৰ্লিপ্ত সংসাৰী হৈ চিৰকাল
 পাবা মোক। যোৱা সখা ৰথ আছে ৰৈ
 দুৱাৰ মুখত; তাতে উঠি যোৱাহঁক
 বাট বহুদূৰ।

[ গোপবালকবিলাকে গান গাই গাই পিছুৱাই পিছুৱাই যায় ]

গীত

বিদায় বিদায় সখা,
 প্ৰাণ প্ৰিয় বিদায় বিদায়।
  দুখীয়া দৰিদ্ৰ বুলি
   নেৰিবা মৰম সৰ্ব্বদায়।
দেখিম সদায় যেন
 শয়নে স্বপনে চান্দ মুখ,
  সুৱঁৰি সুৱঁৰি নিতে
 তোমাৰে গীতকে গাই
দূৰতে দূৰতে থাকি
পাম অমি অমিয় সুখ;
প্ৰাণপ্ৰিয় বিদায় বিদায়।

কৃষ্ণ। দিলোঁ দিব্য জ্ঞান সখাহঁত, আশীৰ্ব্বাদ
 দিলোঁ। অমিয় মাধুৰী হৰিনাম লৈ
 সংসাৰৰ লীলা শেষ কৰি শেষকালে
 মোতে হবা লীন।