এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য]
কৃষ্ণ লীলা
নিদাৰুণ দৈৱবাণী। কলে দেবতাই⸺
কংস, এই ভনীয়েৰ, যাৰ বাবে ইমান
উলাহ, তাইৰে গৰ্ভত উপজি কুমাৰ
বধিব বধিব তোক। উৎসৱ ৰাগিনী
বিষাদত হ’ল পৰিণত। ভৰিত নিহালি
হাতত শিকলি বান্ধি পুঁতি গন্ধময়
এন্ধাৰ ঘৰত বন্দী কৰি থলোঁমই
দুয়োটি প্ৰাণীক। ক্ৰমে ক্ৰমে সাতোটি
ভাগিন আৰু এজনী ভাগিনী উপজিল।
সকলোকে বধিলোঁ নিষ্ঠুৰ মতি মই
আফালি শিলত। ভাগিনী জনীয়ে কৈ
গল মৰিবৰ বেলা মোৰ প্ৰাণ বৈৰী
উপজিছে আন ঠাইত। আছোক মনুষ্য
দেৱতায়ো মিছা মাতে। অতিযে অধম
এই দেৱতাৰ জাত।
নাৰদ। মহাৰাজ! মিছলীয়া নহয় দেৱতা
ঘোৰ দুৰ্য্যোগত যোগমায়া উপজিল
নন্দৰ ঘৰত যশোদা গৰ্ভত গোকুলত।
দৈৱকী গৰ্ভত উপজিল সুকুমাৰ
কৃষ্ণৰূপে মথুৰাত। কৃষ্ণৰ মায়াত-
পালি পহৰিয়া সবে নিদ্ৰা গল পৰি
নিহালি মুকলি হল। দেৱৰ আজ্ঞাত
বসুদেৱে সেই নিশা লৈ গৈ শিশুকৃষ্ণ
ব্ৰজধামলৈ, নিদ্ৰা মগ্ন যশোদা বুকুত