পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ৰ্থ দৃশ্য
১১৩
কৃষ্ণ লীলা

(দুৱৰীয়ে আকৌ বেত তোলে।)

বসুদাম। অজ্ঞ গোপলৰা আমি, দেখা নাই আগে
 ৰাজধানী ৰাজবাট। প্ৰাণৰ কানুৰ
 সনে বৃন্দাবনে বনে বনে ধেনু চাৰি
 ফুৰিছিলোঁ। আজি হেনো ৰাজেশ্বৰ হল
 প্ৰভু। আমিতো নোখোজা একো প্ৰতিদান।
 আমাৰ প্ৰাণৰ ৰজা বংশীধাৰী হৰি-
 কতদিন দেখা নাই আজি। সংসাৰ
 এন্ধাৰ জীৱন এন্ধাৰ সকলোকে—
 দেখিছোঁ এন্ধাৰ। মাৰ বান্ধ মাৰ কোব
 কি জানিবা অলপো চেতনা আহে অসাৰ
 প্ৰাণত।

(গোপবালকবিলাকে গীত গায় )

গীত

মিশ্ৰ-ভৈৰবী।

শ্ৰীদাম। এৰিদে দুৱাৰ এৰিদে দুৱাৰ
  এৰিদে দুৱাৰ দুৱৰী,
 বহু আশা কৰি আহিছোঁ আমি
  চাম চকু ভৰি শ্ৰীহৰি।
 ৰাজ দৰশন নেলাগে আমাক
  গৰখীয়া আমি দুখীয়া,
 প্ৰাণৰ পৰাণ মোহন কানুক
 (মাথো) দেখুৱা দুৱৰী দেখুৱা⸺
  প্ৰাণৰ কানাই প্ৰাণৰ বলাই
  আহাঁ আহাঁ ভাই এতিয়া
 নহলে মাৰিব আমাৰ পৰাণ
 -দুৱৰী কঠোৰ চিতীয়া।