এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম দৃশ্য]
১০৩
কৃষ্ণলীলা
হিয়াত সাৱটি পাহৰিলোঁ সকলোকে।
শিশুৰূপে মোহন মূৰতি বাছা মোৰ,
আঠু কাঢ়ি কাঢ়ি ফুৰি, আধা ফুটা মাতে
মাতিলে যেতিয়া “মা মা” অমৃত সুৱদি
কণ্ঠে, আনন্দত আত্মহাৰা প্ৰায় হলোঁ।
কিবা ছাৰ ধন, জন, মান, জননীয়ে
পুত্ৰৰ প্ৰেমত অকাতৰে বলি দিব।
পাৰে তুচ্ছ প্ৰাণ। শৈশৱত ননী খোৱা
নাই বুলি চুৰ কৰি, মুখ মেলি দিলে
দেখা পালোঁ বিচুৰ্ত্তি বিভ্ৰম হৈ অতি,
মুখৰ মাজত চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা।
জানো শুনো তথাপিও দেখোঁ জননীৰ
হিয়া ভেদি বায় অমৃতৰ ধাৰা যেন
পুত্ৰ স্নেহ। ধৰিব নোৱাৰো চিত মই;
আনি দিয়া প্ৰাণ গোপাল বলোৰাম,
নহলে মৰিব প্ৰাণ।
নন্দ। প্ৰাণ কৃষ্ণে কলে মোক বিদায় বেলিকা,
সাত দিন বাদে ব্ৰজ ধামলৈ আহিব
এবাৰ ৰাম কানু দুয়ো। তাৰ পাছে,
প্ৰভাস তীৰ্থত শেষ দেখা দেখি হব
তোমাৰ লগত। তেতিয়াই দিব্যজ্ঞান
পাবা, মায়া মোহ হব অৱসান।
⸻