পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
[৫ম অঙ্ক
কৃষ্ণ লীলা

 তৰুণ কুমাৰ ৰাজপুত্ৰ দুয়োজন।
 মথুৰা নগৰ ৰক্ষাৰ কাৰণে দুয়ো
 যদুকুল ৰথিবৃন্দ সহ যুদ্ধ সাজে
 আছে সাজু হৈ। এই সময়ত বাৰু
 গোপ গোপী লৈ ক্ষীৰ ননী পুৰী খাই,
 গো ধেনু চৰাই ফুৰে যদি গীত গাই।
 যমুনা তীৰত কৰ্ত্তব্যক অৱহেলি,
 কৃষ্ণ নাম জগতত কোনে লব বাৰু?
যশোদা। স্বামীন! বুজিছোঁ বুজিছোঁ বাছা মোৰ
 ৰাজ ৰাজেশ্বৰ। ঈশ্বৰে সদায় যেন
 ৰাখক কুশলে। চকুমুদি অন্তৰত
 ধ্যান কৰি চালে দেখা পাওঁ সৰ্ব্বদায়,
 মোহন শ্যামল প্ৰেম ঘন মূৰতি মধুৰ;
 ভক্তি ভৰে নমস্কাৰ কৰোঁ পৰমাত্মা
 বুলি। কিন্তু তেজ মাংসে গঢ়া মানুহৰ
 দেহা, তাতে সন্তান জননী মই নিজে,
 পুৰুষ আপুনি কি বুজিব সেই কথা,
 কিবা উপাদানে গঢ়া ৰমণীৰ হিয়া!
 তুলি ললোঁ প্ৰথমে যিদিনা শিশুটিক
 পৃথিবীৰ পৰা, ততালিকে পাহৰিলোঁ
 অসীম বেদনা প্ৰসৱৰ। জননীৰ
 হিয়া জুৰি প্ৰেম মন্দাকিনী বলে বেগে
 স্নেহৰূপী মাতৃস্তন্য আপুনি ক্ষৰিল।
 কত বৰষৰ সাধনাৰ ধন অভাগীৰ,