পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
[৪ৰ্থ অঙ্ক
কৃষ্ণ লীলা

 পিতামাতা তব। সৌম্য মূৰ্ত্তি ধৰি এবে
 আশ্বাসা সৱাকো। ধন্য কংস! কাল পূৰ্ণে।
 নিজে বধি তাক দিব্য গতি দিলা।
কৃষ্ণ। উঠা উঠা উদ্ধৱ বান্ধৱ। কেতিয়া
 আহিলা ব্ৰজধাম এৰি? কুশলে আছেনে
 আই যশোদা জননী ব্ৰজবাসী গোপ
 আৰু গোপিনী সকল?
কংস-ৰাণী। (হাতৰ বলয় খুলি পেলায়)
 কৃষ্ণ, তুমি যদি বিষ্ণু অৱতাৰ হোৱা।
 তেন্তে কিয় আজি এনে দুঃখ দিলা মোক।
 সতী নাৰী মই, চকুৰ আগতে কিয়
 বধিলা স্বামীক মোৰ।
কৃষ্ণ। মামী, কালপূৰ্ণ হলে কৰ্ম্মফল ভুগি।
 প্ৰাণীগণে কৰে দেহত্যাগ। কালপূৰ্ণ
 হই আজি স্বৰগলৈ গ'ল স্বামী তব
 দিব্য ৰূপ ধৰি। সমুখ ৰণত যুঁজি
 তিয়াগিলে প্ৰাণ। দুখ নকৰিবা মামী,
 সকলো কৰ্ম্মৰে অবিনাশী ফল আছে;
 বহু অপৰাধ অত্যাচাৰ কৰি, মামা
 কৰ্ম্মফল অনুসাৰে তিয়াগিলে দেহা।
ৰাণী। তুমি যদি নাৰায়ণ তিন্তে কিয় দিয়া
 নৰৰ মনত পাপ আশা পাপ ভাব?
 নৰ যদি পাপত দূষিত তুমিও দূষিত
 প্ৰভু পাপীৰ পাপত। নাৰী মই দীনা