পৃষ্ঠা:কুলাচল বধ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
কুলাচল-বধ।

নকুল সহদেৱে ঘোৰ শৰ প্ৰহাৰিলা।
তাহাৰ শূলত পড়ি ছাই হুয়া গৈলা॥
জানিলেক দুই বীৰে মিলিল মৰণ।
ৰাম কৃষ্ণ নাম সুমৰন্ত ঘনে ঘনে॥
কতো দূৰে দেখিলেক ভীম বহাবলী।
চোট দুই ভাই যমপুৰে যায় চলি॥
হা কিনো ভৈল বুলি লাম্ফ লাম্ফ কৰি।
ধাই আসিলেক বেগে গদাগোট ধৰি॥
দেৱ মাৰি মহাচোটে কোবেক দিলেক।
খণ্ড খণ্ড কৰি শূল ভাঙ্গি পাড়িলেক॥
জয় জয় কৰিলেক সিদ্ধ মুনিগণ।
দুই ভাই পাণ্ডৱৰ ৰহিল জীবন॥
শুনা আরু জৈমিনি ভক্তৰ কথাচয়।
হৰিক ভজিলে কোনে মাৰিবে পাৰয়॥
নকুল সহদেব দুই ভকত কৃষ্ণৰ।
তাঙ্ক কি মাৰিবে পাৰে দানব বৰ্ব্বৰ॥
দেখা বুধজন কেনে ভক্তৰ মহত্ব।
জানি ভক্তি ধৰা প্ৰভু কৃষ্ণচৰণত॥
ভাৰত ভূষণে কহে ইসে তত্ত্বসাৰ।
বোলা হৰি হৰি বৈকুণ্ঠত ইচ্ছা যাৰ॥

(৯)