পৃষ্ঠা:কুলাচল বধ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কুলাচল বধ ৷

থুলন্তৰ মাথা অতি কুরুকুটা কেশ।
মদ্য ঘ্ৰাণে বান্তি আসে দেখন্তে কুবেশ॥
কিলকিল কৰে কিছু নুবুজিয় মাত।
পৰ্ব্বত সদৃশ বাট ভেটি ৰৈল তাত॥
বোলে অৰে কৈৰ আইলি মানুষ চৱাল
তোমৰা সবৰ আজি মিলিলেক কাল॥
দানৱ ৰাজাক নিয়া ধৰি বান্ধি দিবোঁ।
নৃপতিৰ কাছে বৰ মহিলাক পাইবোঁ॥
এহিবুলি ধৰিবাক আক্ৰান্ত কৰিলা।
ৰহ বুলি ভীমে এক বৃক্ষক ধৰিলা॥
আজোৰ মাৰিয়া তাক উভাৰিয়া তুলি।
কোবাইবে লাগিলা মহাবেগে হু বুলি॥
এক এক কোবে মাৰিলেক দশজন।
দেখি পাঞ্চ পাণ্ডৱৰ ভৈল ৰঙ্গ মন॥
দশ দানৱক পাছে মাৰি সেই ঠাই।
আরু কিছু ফুৰিলেক সৰোবৰ চাই॥
অনন্তৰে উলটি আসিল নিজ স্থান।
দ্ৰৌপদীত সবে কথা কৈলা বিদ্যমান॥
এহিমতে কতদিন আছা মহাৰাই।
দানৱৰ চৰিয়া ফুৰয় ঠাই ঠাই॥