পৃষ্ঠা:কুলাচল বধ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কুলাচল-বধ

শ্বেতকেতু মুনি, আশ্ৰমক লাগি,
 হোৱে দণ্ড চাৰি বাট॥
তাহান সত্ৰক,  চলি গৈলা ৰাজা;
 চাৰি ভাতৃ সঙ্গে কৰি।
দূৰহন্তে মুনি, চাহিয়া আছন্ত,
 নজনা ভাৱক ধৰি॥
পৰম সুন্দৰ, পাঞ্চোটা পুরুষ,
 সঙ্গে দিব্যনাৰী এক।
কোনবা আশয়ে, আসে মোৰ ঠাই,
 নজানো আৰু প্ৰত্যেক॥
অনন্তৰে গৈয়া,  ৰাজা যুধিষ্ঠিৰ,
 তাহান পাইলা ওচৰ।
যেন ভূমি কাটি, উদিত হুই আছে,
 দেবদেব মহেশ্বৰ॥
শুক্লময় দুই,  জটা ভয়ঙ্কৰ
 শ্বেতবৰ্ণ গোক ডাঁৰি।
কটীত কপীন, নখ সব আছে,
 বক্ৰভাৱে ফুৰি ফুৰি॥
ঋযিক দেখিয়া,  ৰাজা সঙ্কোচিতে,
 সমীপ চাপিলা যাই।