পৃষ্ঠা:কুলাচল বধ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কুলাচল বধ ৷

ধৰিলা ম্লেছৰ চিহ্ন পাষণ্ড আচাৰ।
জাতিধৰ্ম্ম এড়ি সবে ভৈলা একাকাৰ॥
মহাপৰাক্ৰমী দৈত্য ত্ৰিভূবনে গণি।
শত্ৰুগণ যেন তাৰ তুলাত অগনি॥
এতেকেসে বোলো প্ৰতি প্ৰতি তোমসাৰ৷
পৰম দুৰ্গম সিটো দিশ নযাইবাক॥
ধৰ্ম্মপক্ষিগণে বোলে শুনা মুনিসন্ত।
এহি কহি মৌন ভৈলা গালব মহন্ত॥
অৰ্জ্জুনে মাতিয়া বোলে শুনিয়ো আতাই
আমিতো চাহিবে খোঁজো দানবক যাই॥
ভীমে বোলে সেহি দিশে চলি যাইবো অ
বল বুদ্ধি ভাৱ কাৰ্য্য বিচাৰিবো তাৰ॥
মাদৃসুত দুইহানৰো হেনয় আশয়।
ধৰ্ম্মনৃপতি মনে মিলিল সংশয়॥
বোলন্ত শুনিয়ো বাপু মোৰ চাৰি ভাই।
ঋষি হাক দিছে আমি নযাইবো সিঠাই॥
একে বঘাসুৰক সুমৰি দহে প্ৰাণ।
ভালে এড়াইলোহোঁ মুনি অগস্তি নিদান।
হেন জানি বাপু সব কহোঁ সাৰতৰ।
নবাধিবা বাক্য গালব মহন্তৰ॥