পৃষ্ঠা:কুলাচল বধ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কুলাচল বধ ৷

হেন শুনি নৃপবৰ বেগে চলিগৈল৷
ঘোৰ ব্ৰহ্মশাপ আসি তেখনে মিলিলা॥
পৰ্ব্বত সমান সিটো শিলা এক ভৈল।
ধনু বান হয় হস্তী সিয়ো নাশ গৈল॥
তাহাৰ লগৰ যত পিম্পৰা পৰ্য্যন্ত।
পাথৰ সৰূপ হুয়া তথা ৰহিলন্ত॥
দেখা পাণ্ডুসুত কেনে দ্ৰোহ বৈষ্ণবৰ।
কোনে এড়াইবাক পাৰে পাপ গুৰুতৰ॥
পুতেকে দানব ভৈল বাপো ভৈল শিল।
সকলে প্ৰজাক দুই গোটে বিনাশিল॥
অল্প পাপী সঙ্গে পাপী হোৱয় বহুত।
চিৰকালো সিটো সব নোহয় মুকুত॥
প্ৰজায়ে সহিতে কৰ্ণদত্ত শিলা ভৈলা।
তাৰ যত ৰাজ্যশ্ৰী সবে অন্ত গৈলা॥
পুত্ৰৰ প্ৰসঙ্গে নষ্ট ভৈল মহীপতি।
দুষ্ট পুত্ৰ ভৈলে হেন হোয়ে বিসঙ্গতি॥
যাহাৰ কুলত এক হোৱে পাপকাৰী।
সকলে বংশক সিটো কৰে অনাচাৰী॥
ধূম্ৰাক্ষৰ ভাৰ্য্যা সব মাতৃসবে যাই।
সেহিভাৱে সবেয়ো বহিল সিটো ঠাই॥