পৃষ্ঠা:কুলাচল বধ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কুলাচল-বধ

এহিমতে ঋষিৰ আগত পৰি আছে।
অল্প হাসি মুনিবৰে মাতিল পাছে॥
অধম ক্ষত্ৰিয় জাতি অহঙ্কাৰী ঘোৰ।
মহা গৰ্ব্বে অপকাৰ আচৰিলে মোৰ॥
ৰাজ্যগৰ্ব্বে সন্তু ভকতক নমানস।
মহন্তৰ অধিকাৰী হৈবাক খোজস॥
যেন কোনে নকৰে সাধুক অপকাৰ।
তোৰ এহি প্ৰায়শ্চিত্ত জানিবিহি সাৰ।
শুন অৰে নৰাধম নৃপতি মুগুঢ়
মৰণ বেলাত তোৰ বুদ্ধি ভৈল শুদ্ধ॥
কিন্তু ব্ৰহ্মশাপ আক খণ্ডিবে নপাৰি।
শাপ অন্ত কহোঁ তাক গুন অহঙ্কাৰী॥
সাতযুগ অবসানে দ্বাপৰ শেষত।
হুইবে অবতাৰ হৰি যাদব বংশত॥
হৰিবন্ত ধৰণীৰ মহাভাৰ চয়।
দুষ্ট দৈত্য দানবৰ কৰিবন্ত লয়॥
হেন হৰিচৰণ পৰশ লভি ঐত
পাইবি মহাগতি মই কৰিলো নিশ্চিত
প্ৰজাসবো মুকুত হইবেক সিটোকাল।
ক্ষেত্ৰৰ মাজক আবে চল মহীপাল॥