পৃষ্ঠা:কুলাচল বধ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কুলাচল-বধ ৷

তোৰ যত হয় হস্তী প্ৰজা নিৰন্তৰ।
মোৰ বজ্ৰবাক্যে সবে হুয়োক পাথৰ॥
তয়ো শিলা হুয়া পড়ি থাক এহি স্থানে।
হেন কৰ্ম্ম বিপ্ৰক নকৰে যেন আনে॥
গালৰ বদতি কথা শুনা পাঞ্চ ভাই।
আপোনাৰ পাপে পাপ অধোগতি যাই॥
ঘোৰ শাপ শুনি সিটো ভয়ে তৰসিল।
দণ্ডৱত হুয়া ঋষি আগত পড়িল॥
কাম্পে তৰতৰি আতি স্থিৰ নোহে কায়।
সমুলি বুড়িলো আজি তোমাক জোঙ্কায়॥
সমস্তে বিনাশ ভৈল তযু অগনিত।
হে গুরুবাপ মোক কৰিয়ো নিঙ্কৃত॥
তুমি সব ঋষিক কৰিলোঁ অপকাৰ।
অমোচন মহাপাপ সিজিল আমাৰ॥
হৈ গুরুদেৱ মই কৰোহোঁ কাতৰ।
কৰিয়োক কৃপা দাস ভৈলো চৰণৰ॥
পৰম দুৰ্জ্জন আমি অহঙ্কাৰী জন।
তোমৰাৰ মহিমা নজানো বিচক্ষণ॥
বৈষ্ণবক হিংসিলে অল্পতে পাই ফল।
তোমাসাক দ্বেষকৰি যাও ৰসাতল॥