পৃষ্ঠা:কুলাচল বধ.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কুলাচল-বধ ৷

শুন অৰে অগস্তি ব্ৰাহ্মণ অল্পজন।
ভকতৰ অধিকাৰ নোহে ৰাজ গণ॥
হেন কথা মোহোক বুঝাস তই কিক।
ৰাজাত কৰিয়া কহ ভক্তক অধিক॥
তই সবাহাকে আজি নিবো নিজঠাই।
কেনমতে ৰহদেখোঁ ডাঙ্গৰ বোলাই॥
দুষ্টদ্বিজকুল আজি জলত ড্ৰবাইবোঁ।
তেবে তনয়ৰ কিছু প্ৰতিকাৰ পাইবোঁ॥
গালব বদতি তাৰ মৃত্যু আসি পাইল।
সৈন্য সমস্তক ধৰিবাক আদেশিল॥
বড় বড় ব্ৰাহ্মণ সবক ধৰি আন।
জলত ড বায়া থৈয়ো ছাৰি যাউকপ্ৰাণ॥
খৰতৰ বাক্যবোলে ক্ৰোধ হয়া অতি॥
দেখি ঋষি সকলৰ সঙ্কুচিত মতি॥
মৰিবাৰ বেলা দুৰাচাৰে গেড়িপাৰে।
দেখিয়া অগস্তি ঋষি চাহি আছে ঠাৰে॥
কমণ্ডলু জলচুই আচান্ত কৰিলা।
প্ৰকোপিত ঋষি পাছে মাতিবে লাগিলা॥
দুৰ্জ্জন অধম হেন কৰস অন্যায়।
ঋষি সমুহক দুঃখ দেহ কিক লায়৷