পৃষ্ঠা:কুলাচল বধ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কুলাচল-বধ ৷

ব্ৰহ্মসভা মাজে যেন ব্ৰহ্মা প্ৰজাপতি।
ঋষি সমাজত তেন বাউল অগস্তি॥
ৰাজবাক্য শুনি আনো যত মুনিগণ।
মৌনহুয়া আছে কিছু নুবুলি বচন॥
কঠোৰ বচনে সবে জিম পড়ি গৈল।
পাছে অগস্তিয়ে তাঙ্ক মাতিবাক লৈল॥
শুনৰে ৰাজন্য মুখ দুৰ্জ্জনৰ তাত।
মিছাত লপস দিয়া দোষ আমাসাত॥
তোহাৰ তনয় সিটো অতি ক্ৰুৰ জন।
বিষ্ণু বৈষ্ণবৰ কৰি পৰম দোষণ॥
অধোগতি ভৈল সিটো আপোন দোষত
সংসৰ্গ দোষত নাশ ভৈল প্ৰজা যত॥
তাক লাগি তই কেনে কৰ মনকষ্ট।
আপোনাৰ কলুষে আপুনি সিটো নষ্ট॥
দুৰাচাৰপুত্ৰ হোৱে যাহাৰ বংশত।
স্বৰ্গহন্তে পিতৃকো পেলাৱে নৰকত॥
তোৰ ইটো কুলাঙ্গাৰ কুৎসিত তনয়।
কুলধৰ্ম্ম যশ সবে কৰিলেক ক্ষয়॥
খেদ পৰিহৰি ৰাজা গৃহে গতিকৰ।
ঘোৰ অহঙ্কাৰ কৰি মিছাত নমৰ॥