পৃষ্ঠা:কুলাচল বধ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কুলাচল-বধ ৷

ধৰ্ম্ম পক্ষিগণে বোলে শুনা মুনিবৰ।
বৈষ্ণৱ দ্ৰোহৰ কথা অতি গুরুতৰ॥
ধূম্ৰাক্ষ কুমাৰে বৈষ্ণবক দ্ৰোহ কৰি।
প্ৰজাকো নাশিল আপুনিয়ো গৈল মৰি॥
এহিমতে কুলাচল দৈত্য হুয়া ৰৈল।
পুনৰ্ব্বাৰ অগস্তিয়ে যজ্ঞ আচৰিল॥
কৰ্ণদত্ত ৰাজপুত্ৰ ধূম্ৰাক দানব।
তোমাত কহিলা পুৰাতন কথা সব॥
ধৰ্ম্মপক্ষী বোলে শুনা মুনি মহাসন্ত।
এহিকহি মৌন ভৈলা গালব মহন্ত॥
পাছে কুন্তী সুত ধৰ্ম্মৰাজ মহামানী।
কৰযোৰ কৰি পুনু পুছিলা কাহিনী॥
কহিয়োক গুৰুবাপ পাছৰ কথাক।
তাৰ পিতৃ কৰ্ণদত্তে কিবা কৰিলেক॥
তাৱশেষে কৈয়ো সিটো কথা নিৰন্তৰ।
তোমাৰ মুখৰ বাণী অতি শ্ৰেষ্ঠতৰ॥
গুছে ক্ষুধা তৃষা মহা শোক তাপচয়।
শুনোতে শুনোতে মহাতৃষ্ণা নখণ্ডয়॥
হেন মহা গোপ্য কথা কোনে কহিবেক।
তোমাৰ মুখত আমি শুনিলো প্ৰত্যেক॥