পৃষ্ঠা:কুলাচল বধ.djvu/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৮
কিলাচল-বধ৷

আপোনাৰ গজ বাজী,  অপসৰা গণ সমে,
 কৰ্ণ ৰাজা গেলা নিজ ঠাই।
চাৰি ভ্ৰাতৃ সমে পাছে,  যুধিষ্ঠিৰ মহাৰাজ,
 প্ৰবেশি ৰহিল পূৰ্ব্বস্থানে॥
হৰি ৰহস্য লীলা,  কুলাচলবধ কথা,
 সমাপতি ভৈল এহিমানে॥
শুনিকে বুধজন,  মাধৱৰ গুণ গণ,
 ইসে সব ধৰ্ম্ম মধ্যে সাৰ।
দেখা সবে শাস্ত্ৰ চায়,  আতপৰে কাৰ্য্য নায়,
 ইসে মহা কৰ্ত্তব্য সবাৰ॥

⸻০⸻

দুলড়ি।

নমো নাৰায়ণ,  ভৱ বিনাশন,
 দীনবন্ধু পূৰ্ণ কাম।
তোমাৰ চৰণে, কায়বাক্য মনে,
 কৰোহোঁ প্ৰভূ প্ৰণাম৷৷
তোমাৰ চৰিত্ৰ,  বিৰচন কৰি,
 অৰ্পিলো প্ৰভু তোমাতে।
পতিত-পাৱনা নমো নাৰায়ণ,
 বেকত হোক সাক্ষাতে৷৷