পৃষ্ঠা:কুলাচল বধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কুলাচল-বধ।

সবাহাৰে হাকে কেনে নথাকিলো তথা।
মৰিবাৰ কাষে মই আসিলোহোঁ এথা॥
ঋষিৰ মূৰ্ত্তিক দেখি কাম্পে সৰ্ব্ব কায়।
ইহাৰ হাতৰ আজি এড়ান নযায়॥
যিহক নোহোক চাটু নোবোলো বচন।
দম্ভবাক্যে জিনিবাক পাৰি সন্তজন॥
অগস্তিয়ো মনে মনে আলোচন্তে আছে।
দৈত্যগণ মোৰ চিৰশত্ৰু হুয়া আছে॥
জানো তাৰ কোন গোট আসে মায়া কৰি।
ইহাক বলত মই নোহোঁ সৰিবৰি॥
বুঢ়াগাৱ মোক আবে বহু দুঃখ দিল।
আরু খানিতেক মোক মাৰিবে ৰহিল॥
যিবা খোজে তাক দিবোঁ বোলোহোঁ বচন।
তেবেসে ৰহিবে সবে ঋষিৰ জীবন॥
বদতি নৃপতি শুনি মিলিল সংশয়।
অগস্তিৰ সম কোন মহন্ত আছয়॥
ক্ষমাবস্ত দাতাবন্ত সুশীল ভূষণ।
তাসম্বাৰ শত্ৰু নাহি ইতিনি ভুবন॥
হেন অগস্তিৰ শত্ৰু দৈত্য কেনে হয়।
মোহোৰ মনত বৰ মিলিল সংশয়॥