পৃষ্ঠা:কুলাচল বধ.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
কুলাচল-বধ।

প্ৰত্যক্ষত হেন হৰি।
দেখিবোঁ নয়ন ভৰি॥
আতি আথ বেথ কৰি।
অগস্তিক আগকৰি॥
যোগবলে মুনিবৰে।
ক্ষণেকে আসিলা তৰে॥
শুনা তাসম্বাৰ নাম।
বিষ্ণুক দেখিবে কাম॥
মুখ্য মুখ্য তাসম্বাৰ।
কিছু নাম কহোঁ আৰ॥
অগস্তি গৌতম ধৰ্ম্ম।
পৰাশৰ নৰোত্তম॥
অঙ্গীৰস গৌৰানন।
মৃকণ্ড সুৰশন॥
ভাৰ্ণ্ডিৰি ভাৰ্গৱ কন্দ।
মুনি সন্ত সদানন্দ॥
দ্বৈপায়ন ভগৱন্ত।
ভৰদ্বাজ মুনি সন্ত॥
মাৰ্কণ্ডেয় অত্ৰিবৰ।
বিশ্বামিত্ৰ মৈত্ৰেয়ৰ॥