পৃষ্ঠা:কুলাচল বধ.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
কুলাচল-বধ।

এহিবুলি মৌন ভৈলা।
প্ৰেমেতে ডুবিয়া ৰৈলা॥
দেখি তান প্ৰেমবাণী।
চাৰি জন মহামানী॥
কহিবে লাগিলা কাজ।
শুনিয়োক মুনিৰাজ॥
এহিমতে হৰি যেবে।
তহিত আছন্ত তেবে॥
যত মহা মুনিগণ।
সেহি থানে উপসন্ন॥
অগস্তিক আগকৰি।
বোলন্ত দেখিবো হৰি॥
মহা মহা যোগীচয়।
যোগ চিন্তি নেদেখয়॥
মহা মহা যজ্ঞ কৰি।
প্ৰবদ্ধে নেদেখে হৰি॥
আমি কায়কষ্ট কৰি।
অনেক সমাধি ধৰি।
তথাপি নপাও লাগ।
তাহাঙ্ক ধ্যানতো আগ॥