পৃষ্ঠা:কুলাচল বধ.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
কুলাচল-বধ।

কেনমতে জীয়াইলন্ত।
কোন স্থানে পাঠাইলন্ত॥
কোটি কোটি ব্ৰহ্মাণ্ডৰ।
ভগৱন্ত মহেশ্বৰ॥
পাণ্ডৱৰ বশ্য হুয়া।
নিজ কাম দৰশিয়া॥
কৰি নানা কৰ্ম্মগণ।
গুণলীলা বিতোপন॥
কলিমন মনুষ্যৰ।
কৃপা কৰি দামোদৰ॥
আৰু শুনি ভণি আতি।
বৈকুণ্ঠত পাইবা স্থিতি॥
হেন অনুগ্ৰহ কৰি।
কৃপাময় দেব হৰি॥
যশৰাশি যুড়ি থৈলা।
তযু মুখে ব্যক্ত ভৈলা॥
কিনো মোৰ মহাভাগ।
শুনিবাক পাইলোঁ লাগ॥
তুমি চাৰি মহন্তৰ।
সঙ্গ পাইলোঁ গুৰুতৰ॥