সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
কুলাচল-বধ।


পৰম-ৰহস্য সৰ্ব্ব শাস্ত্ৰ মধ্যে সাৰ।
সপ্তদশ ভাৰতেও সম নুহি আৰ॥
কিন্তু আমি আৰ অৰ্থ নুবুঝো সমুলি।
নকৰিবা হেলা কিছু মোৰ পদ বুলি॥
বোলয় ভাৰত চন্দ্ৰে মই মহা দীন।
নিজ দাস কৰি মোক ভক্তিধনে কিন॥
নমো পুৰ্ণব্ৰহ্ম হৰি নৰ রূপ ধৰ।
গোপৰূপে মহাভাৰ খণ্ডি ধৰণীৰ॥
পাণ্ডৱক কৰা ৰক্ষা ভক্তি বশ্য হুই।
মোৰ সদা নছাড়োক তান পদ দুই॥
মই মহা দীন হীন আতি দুৰাশয়।
কাম ক্ৰোধে লোভে মোহে কুটিল হৃদয়॥
হেনয় জনৰ মোৰ পুৰা মনস্কাম।
সভাসদ লোকে ডাকি বোলা ৰাম ৰাম॥

⸻০⸻

দুলড়ি।

আত অনন্তৰে, শুনা যেন কথা,
 জৈমিনিহে মহাসন্ত।
হৰক প্ৰমুক্ষে, যতেক দেৱতা,
 তথাতে বহি অছন্ত॥