সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
কুলাচল-বধ।


যদিবা নামাৰা তেবে পালটি চলিও।
পাৰিষদগণ লৈয়া বৈকুণ্ঠক যাও॥
মাধৱে বোলন্ত শুন অসুৰ লটক।
এতমান চটমটী কৰস কিসক॥
এহি বুলি হৰি চক্ৰ প্ৰহাৰ কৰিলা।
জগত প্ৰকাশ কবি বেগে চলি গৈলা॥
আকাশ গমনে যায় কৰি বড় ছোট।
ঝণ্টৰাই কাটিলা তাহাৰ শিৰ গোট॥
ধনুৰ্ব্বাণ সাৰথী কাটিলা নিৰন্তৰ।
মৰিল দানৱ দেখি কৌতুক লোকৰ॥
এহিমতে দণ্ড দুই মানে ৰহিছিল।
শিৰ গোট আসি তাৰ গাণ্ডিত লাগিল॥
এক দণ্ড মানে থাকি চকু পকাই চাইল।
পড়ি আছে মূষলেক আগে ভেট পাইল॥
গুঞ্জ হেন চক্ষু কৰি আটাসেক দিল।
সুৰাসুৰ লোকে বোলে ধৰণী ফাটিল॥
সিদ্ধ বিদ্যাধৰ সব পলাইবে লাগিল।
পাৰিষদ গনে বোলে দানৱ উঠিল॥
বাৰে বাৰে দানৱক কাটা ভগৱন্ত।
কিবা বৰ পায়া আছে ততো নমৰন্ত॥