পৃষ্ঠা:কুলাচল বধ.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩১
কুলাচল-বধ।


হেন দেখি নাৰায়ণে মনে অবগাই।
আনরূপে লোক সব ৰাখন নযাই॥
অজ্ঞান বালকে যদি অগনি দিৱয়।https://youtube.com/
তথাপিতো কেঞ্চা পকা সবাকে দহয়॥
এহি বুলি বিশ্বরূপ কৰিল প্ৰকাশ।
ৰবি শশী জল বায়ু ঢাকিলা আকাশ॥
হাজাৰেক শিৰৰ প্ৰচণ্ড জ্যোতিৰ্ম্ময়।
সহস্ৰ সংখ্যাত কৰ প্ৰকাশ কৰয়॥
চৈধয় লোক্ষক উদৰতে জপাইলন্ত।
গড় গড় কৰি সবে ঢাকি ধৰিলন্ত॥
নাহি ৰবি শশী দিশ বিদিশ আকাশ।
নাহি চৰাচৰ গ্ৰহ ৰাশিৰ আভাষ॥
মহলোক প্ৰভৃতি গৰ্ভত ধৰিলন্ত।
ভৈল অন্ধকাৰ কিছু নাহি আদি অন্ত॥
যেন মহাপ্ৰলয়ত সবেহন্তে যাই।
মহাযোগবলে দেন্ত উদৰতে ঠাই॥
সবাকো ৰাখিলে ঢাকি মহাযোগবলে।
যেন পক্ষিজ্বাক ৰাখিলা পাখিতলে॥
হাজাৰেক হাতে ধৰি খড়গ চৰ্ম্ম বাণ।
সবাকো ছেদিয়া পেলাইলেক বিদ্যমান॥