সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
কুলাচল-বধ ৷

সিবেলাত লোকৰ বিপত্তি ভৈল যত।
পদ বাহুল্যক ভৰে নিলিখিলো তত॥
পক্ষিগণে বোলে অবা শুনা মুনিবৰ।
পৰম প্ৰচণ্ড তেজ হৰৰ শূলৰ॥
একক্ষণে চৈধলোক কৰয় বিনাশ।
তিনি খান মুখ মেলি কৰয় প্ৰকাশ॥
এক মুখে প্ৰচণ্ড অগনি বাজ হয়।
সকলকে দহি ভস্ম কৰিয়া নিৱয়॥
আৰু মুখে সিংহ ব্যাঘ্ৰ সৰ্প দংস্ত্ৰগণ।
সবে ব্ৰহ্ম সৃষ্টি খাই কৰয় উচ্চন্ন॥
অপৰ যে মুখক দেখন্তে শ্ৰুতি হত।
বজাৱে ৰাক্ষস প্ৰেত পিশাচ সমস্ত॥
কতো তিনিমুণ্ড কাৰো চাৰি পাঞ্চ হয়।
দশ কুড়ি হাতে অস্ত্ৰ শস্ত্ৰ ধৰিচয়॥
কৰে কিল কিল মুখ দান্ত চোবাৱয়।
হাতে খড়গ চৰ্ম্ম দেখি লাগে মহাভয়॥
দন্ত সব দেখি যেন আট্টালৰ গৰ।
পৰ্ব্বত আকাৰ দেহা দশ আঠেকৰ॥
যেন সব হাজাৰে হাজাৰে বজাৱয়৷
সবে ব্ৰহ্ম সৃষ্টিক নাশয় দুৰাশয়॥