সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
কুলাচল-বধ।


সবাকো শুনায়া, মনত সন্তোষে,
 হেন বচন বুলিল॥
কত কোটি শত, জনমত জানা,
 কৰি আছোঁ তপ দান।
সেহি পুণ্য ফলে, পাৰিষদ সমে,
 হৰিক দেখো ইথান॥
হৰি সমে আমি,  সমৰ কৰোহো,
 ইটো কথা আচৰিত।
যাৱে চন্দ্ৰ সূৰ্য্য, কীৰিতি থাকিল,
 ইটো সবে ধৰণীত॥
মাধবৰ হাতে,  মৰি জানা আমি,
 অক্ষয় স্বৰ্গক পাইবোঁ।
অযত্ন স্থুলত, হেন মুকূতিক,
 কিসক পাছ কৰিবোঁ॥
আমি সমস্তক, পুত্ৰ তুলিলন্ত,
 পিতৃ মাতৃ ভাগ্যৱন্ত।
সবাকো শুনায়া, এহি কথা কহি,
 ৰথবৰ চলাইলন্ত॥
জয় বিশ্ন সিংহ, বংশত জন্মিল
 নৃপ নৰ নাৰায়ণ।