পৃষ্ঠা:কুলাচল বধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ।

সহস্ৰ আনন হৰ বিৰিঞ্চি সেবয়।
ভকতবৎসল এভু দেব জয় জয়॥
কৃষ্ণ পদপঙ্কজক ধৰি হৃদয়ত৷
গুৰুৰ চৰণ মনে কৰি শিৰোগত॥
বনপৰ্ব্ব কথা ইটো কুলাচল-বধ৷
মতি অনুসাৰে তাৰ বিৰচিবোঁ পদ॥
জামলসংহিতা হংসকাকীয়ে সহিত।
থৈয়া আছা দ্বৈপায়নে কৰিয়া মিশ্ৰিত॥
মতি অনুসাৰে তাৰ দিব পৱাৰ।
শুনা একচিত্তে বৈকুণ্ঠত ইচ্ছা যাৰ॥
ধৰ্ম্মপক্ষীগণে বোলে শুনা মুনিৰায়।
আছন্ত পাণ্ডৱ যেবে গালৱৰ ঠায়॥
একদিনা যুধিষ্ঠিৰ কুন্তীৰ তনয়।
ভ্ৰাতৃ সকলক চাহি বচন বোলয়॥
শুনা ভীমসেন ধনঞ্জয় দুই ভাই।
কত দিন আছোঁ আমি গালৱৰ ঠাই॥
আবে আন বনে যাইবে লয় মোৰ মন।
আনো মুনি সমস্তক কৰোঁ সম্ভাষণ॥
ভীমে বোলে মোৰ মনে ভৈল সেহি কাম।
ইথানত থাকি আমি নুহিকে বিৰাম॥