পৃষ্ঠা:কুলাচল বধ.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
কুলাচল-বধ।


বিষ্ণুৰ চক্ৰৰ কোনে কহিবে মহত্ব।
অল্প কৰি কহিলোহোঁ তোমাৰ আগত॥
সিবেলাত দানবৰ বীৰগণ যত।
পলাৱে লৱড়ি সবে চক্ৰৰ ভয়ত॥
নাহি শ্ৰুতিবুদ্ধি সবে ভেবুৱা লাগিল।
প্ৰহৰেক মানে সবে নিসন্ধি ভাগিল॥
পালটিয়া চক্ৰ গৈলা মাধৱৰ ঠাই।
প্ৰণাম কৰিয়া পুনু ৰহিলন্ত যাই॥
অনন্তৰে বহি পাছে কুলাচল বীৰ।
শিৰগোট লাগি উঠিলন্ত ধীৰে ধীৰ॥
শনাইত ত্ৰিশূল যেন দুই গোটা শৃঙ্গ।
দুইপালী দান্ত তাৰ দেখিতে বিৰিঙ্গ॥
গুঞ্জহেন চক্ষুক ফুৰাৱে মহাবলী।
আড়ম্বৰে চাই-হাসিলেক খল খলি॥
ফোকাৰ কৰিয়া যেন ছাগলে ডেডাই।
কৃষ্ণক হানিবে বেগে শৃঙ্গ তুলি যাই॥
মাধবে দেখিলা দানবৰ বিচেষ্টাক।
পুনু সুদৰ্শন চক্ৰ প্ৰহাৰিলা তাক॥
বিস্বাদ শবদে চক্ৰ মহাবেগে যাই।
শৃঙ্গযুক্ত শিৰ তাৰ পেলাইলা খসাই॥