পৃষ্ঠা:কুলাচল বধ.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
কুলাচল-বধ।


যদি মোক নামাৰা শুনিয়ো বনমালী
আপোন ইচ্ছায়ে বৈকুণ্ঠক যাহা চলি॥
এহি বুলি ধনু ধৰি হানি বাণচয়।
নিৰন্তৰে ভেদিলেক কৃষ্ণৰ হৃদয়॥
ব্ৰক্ষ্ম শৰীৰত দেখি শৰ জাতিস্কাৰ।
কাল মুৰ্ত্তি কৃষ্ণে ৰঙ্গ কৰন্ত অপাৰ॥
মনত বোলন্ত কিনো বীৰতে অজয়।
মই ব্যতিৰেকে আৰ কোনে ছোটসয়॥
এহি বুলি হৰি তাক বধিবাক মনে।
চক্ৰধৰি ভূমিত নামিল তাৱক্ষণে॥
লড়য় পৃথিবী খণ্ড মাধৱৰ ভৰে।
পৃথিবীত কৃষ্ণক ভেদিল দশ শৰে॥
গরুডকো দুনাই ভেদিলেক দশ শৰে।
আছোটে ঘামিল আতি চোট পায়া বড়ে॥
মাৰোঁ পক্ষিৰাজ কৈক যাইবি মোৰ হাতে।
পৰৰ শ্ৰাদ্ধত কোনে আসি জানু পাতে॥
পক্ষিগণে বোলে পাছে শুনা মুনিবৰ।
হেন অসদৃশ বাণী শুনি দানৱৰ॥
আথ বেথ কৰি হৰি চক্ৰ প্ৰহাৰিলা।
প্ৰলয় কালত যেন আদিত্য জ্বলিল॥