পৃষ্ঠা:কুলাচল বধ.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৩
কুলাচল-বধ।


দুই খণ্ড হুয়া বাণ জলত পড়িল।
নিৰ্ব্বিষিত নাগ হুয়া তথাতে বহিল॥
মাধবে বোলন্ত কিনো বীৰ অতিৰেক।
এহি মহা ছোটে পাণ্ডবক ঢালিলেক॥
ময় ব্যতিৰেকে আক কমন মাৰয়।
চক্ৰ হানি কাটিবাক কৰিলা নিশ্চয়॥
দেখি দানবৰ আতি সুরুতি হৰিল।
অনেক প্ৰচণ্ড শৰ বেগে প্ৰহাৰিল॥
পক্ষিৰাজ গরুড়ক ভেদিলেক যত।
কুশ পেলাইবাৰ সন্ধি নাহিকে গাৱত॥
মাধৱক ভেদিলে হাজাৰ কুৰি মান।
পাৰিষদ সবক ঢালিল থানে থান॥
নিৰ্ম্মল কৰিল অতি ৰণ ভুমি খান।
ৰহিল দানব গোট পৰ্ব্বত প্ৰমান॥
মহীষৰ ৰথখান আগক কৰিল।
হৰিক চাহিয়া পাছে বচন বুলিল॥
মোৰ বাঞ্চা পূৰণ কৰিয়ো নাৰায়ণ।
চক্ৰ হানি মোক কাটিয়োক এতিক্ষণ॥
তযুহাতে মৰিবাক আছোঁ বাট চাই।
তুমি বিনে মোহোক মাৰন্তা আন নাই॥