পৃষ্ঠা:কুলাচল বধ.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭০
কুলাচল-বধ ৷

সিটো সবে কিবা তোৰ অহিত কৰয়।
বনফল মূল ভুঞ্জি তীৰ্থত ফুৰয়॥
পৰম ভকত তাৰা সব চাৰিজন।
অনা দোষে তাসম্বাক কৰিলি হনন॥
মোৰ ভকতক কোনে নাশিবাক পাৰে।
ভকত দ্ৰোহীক ময় মাৰোঁ সাৰে সাৰে॥
এতেকে তোহোক আজি মাৰিবাৰ মনে।
পাৰিষদ সমে চলি আসিছোঁ ইথানে॥
এহি বুলি মহা ধনু সাৰঙ্গ টানিল।
অল্প বল কৰি প্ৰভু তাহাক হানিল॥
দুই পাট বাণ যেবে হানিলা মুৰাৰি।
দেখিয়া ধূম্ৰাক্ষে চাহি আছে ক্ৰোধ কৰি॥
সিয়ো দুই শৰ হানি তাহাক ছেদিল।
আরু চাৰি গেট বাণ হৰি প্ৰহাৰিল॥
চাৰিও বাণক কুলাচলে বিনাশিল।
হেন দেখি আঠ শৰ মাধৱে হানিল॥
তাহাকো বিনাশ কৰি বুলিলা আকলি।
বোলে মোক চক্ৰ হানি মাৰা বনমালী॥
যদি মোক নাযাবা তোমাক সেকদিবোঁ।
হেন শুনি হালি হৰি বোলন্ত ৰখিবোঁ॥