পৃষ্ঠা:কুলাচল বধ.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
কুলাচল-বধ৷

ইথানতে সবে থাকিব পড়িয়া
 বুঝিয়া ভকতি ধৰা॥
ভকতৰ সঙ্গে ভকতি কৰিয়ো
 মুখত নেড়িবা নাম।
এহি বেদ বাণী আকে সত্য মানি
 ডাকি বোলা ৰাম ৰাম।

⸺০⸺

পদ।

ধৰ্ম্ম পাখিগণে বোলে শুনিয়ো জৈমিনি।
দানৱৰ হেন বাণী নাৰায়ণে শুনি॥
হাস্য কৰি তাক চাহিলন্ত তেতিক্ষণ।
মেঘৰ গম্ভীৰে ধ্বনি বুলিলা বচন॥
শুন অৰে কুলাচল কৰ্ণদত্ত সুত।
যিসব বুলিলি তই সবেওঁ যুগুত॥
যিকাৰণে ভকত বৎসল মোৰ নাম।
এতেকেসে ভকতৰ পুৰো মনকাম॥
ভকতৰ হিত চিন্তি কৰোঁ পূৰমন।
ভকত বৎসল যেন নাম সিকৰণ॥
আৰো যি বুলিলি অপৰাধ কৰা নাই।
অপুৰ্ব্ব মনুষ্য যিটো ঘালিলি ইঠাই॥