এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
কুলাচল-বধ৷
এহি দোষে জানো, যমৰ কিঙ্কৰে,
যাতনা মোক ভুঞ্জাৱে॥
আজি কালি কৰি, দিন বহি যায়,
বিষয় বিষৰ পালে।
তযু কথামৃত, তাহাক নুভুঞ্জি,
নাশিলোঁ ঘোৰ অজ্ঞানে॥
নমো নন্দসুত, গোপ বেশ ধৰি,
বৃন্দাবনে ধেনু ৰাখি।
সিঙ্গা বেত্ৰ বেণু, কৰ্ণে গুঞ্জা মনি,
মাথাত ময়ুৰ পাখি॥
হেনয় কৃষ্ণৰ, দুখানি চৰণে
মজিয়া ৰহোক মন।
এহি অনুগ্ৰহ, কৰা কৃপানাথ,
তেবেসে হোৱে তৰণ॥
শুনা বুধজন, কেদিন জীবন,
কালে আছে বেন্ত যাই।
ইহাৰ ঔষধ, শ্ৰবণ কীৰ্ত্তন,
বিনে আন কিছু নাই॥
যিটো পুত্ৰ ভাৰ্য্যা, ধন জন যত,
মোৰ মোৰ কৰি মৰা।