পৃষ্ঠা:কুলাচল বধ.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
কুলাচল-বধ ৷

যিবেলাত অগস্তিয়ে তাহাক শাপিল।
সঙ্গ দোষে জম্বৰথ নৃপতি পড়িল॥
দেহ গোট সঙ্গদোষে দানব ভৈলেক।
মহাভক্তি জ্ঞান কিন্তু বহিল প্ৰতোক॥
সদায়ে বিষ্ণুৰ নাম কীৰ্ত্তন কৰন্ত।
এক তিল মানো বিষ্ণু নাম নচাড়ন্ত॥
দেখা মুনিবৰ হৰি ভক্তৰ মহত্ব।
দেহসে বৰ্জ্জিত হয় ভক্তি শুদ্ধ সত্ব॥
দেখে চাৰিবীৰ হৰিভক্ত মহাবীৰ।
আসম্বাৰ চাৰিগুটী পবিত্ৰ শৰীৰ॥
তাক নিয়া অনাচাৰী দানব নিস্খল।
আজি পুড়ি অপবিত্ৰ কৰিবে কেবল॥
এহি বিমৰষি পাছে নৃপতি মহন্ত।
কুলাচল দানবক মাতিয়া বোলন্ত॥
শুনা মহাৰাজা কূলাচল মহাশয়।
তোমাৰ আগত মই কহওঁ নিশ্চয়॥
আচল মনুষ্য ক্ষুদ্ৰ কীটৰ আসয়।
জীবন্তে নাশিলে লোক মৰিলে নাসয়॥
অশুভৰ পৰা কিছু শুভক নাপাই।
এতেকে ইসৰ নিলে কিছু শুভ নাই॥