পৃষ্ঠা:কুলাচল বধ.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ ৷
১৯১
 

হৰি হৰি কিনো ভৈল বিপত্তি আমাৰ।
চাৰিগুটী পাণ্ডৰ গৈলেক যমৰাৰ॥
পক্ষিগণে বোলে শুনা জৈমিনি মহন্ত।
সুৰাসুৰ লোকৰ বিষাদ অপৰ্য্যন্ত॥
অনন্তৰে কুলাচল ৰাজা দুৰ্ব্বিনয়।
চাৰি পাণ্ডৱক ঢালি আনন্দ হৃদয়॥
যত পাত্ৰ মন্ত্ৰি সৈন্য আছৈমানে তাৰ।
যোগানে ৰহিলা সবে বেঢ়ি চমৎকাৰ॥
গৃহক চলিবে প্ৰতি কৰিলেক মন।
মন্ত্ৰি সকলক হেন বুলিলা বচন॥
চাৰিগোটা মনুষ্যৰ শৰ নিবেলাগে।
তৈলত ভাজিয়া ভস্ম কৰা মহাবেগে॥
তাৰ চাই সবে ঘাৱ বিষ মাৰিবেক।
সকলে লোকৰ দুখ গুচিবে প্ৰত্যেক॥
বপুসুতে বোলে কথা অকাৰ্য্য মিলয়।
তৈলত ভাজিল নিষ্টে পাণ্ডৱ মৰয়॥
বুৰঙ্গ দেশত জম্বুনদীৰ তীৰত।
আছিলেক মহাৰাজা বিষ্ণুত ভকত॥
মহা সখিয়ত ভৈল কৰ্ণদত্ত সমে।
তাহান ৰাজ্যেক আসি থাকা অনুক্ৰমে