পৃষ্ঠা:কুলাচল বধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কুলাচল বধ৷

তথাপি ৰচিলোঁ পদ কৃষ্ণৰ কৃপাত।
বঢ়া টুটা দোষ বহু আছয় ইহাত॥
জানি মহাজনে মোৰ দোষ পৰিহৰি।
বিষ্ণু বৈষ্ণৱৰ কথা শুনা কৰ্ণ ভৰি॥
অতপৰে তৰিবাৰ নৌকা নাহি আন।
ইহাক শ্ৰৱণ কৰা বাৱে থাকে প্ৰাণ॥
জানি নৰনাৰী সবে এড়ি আনকাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

⸺০⸺

ঋষি সকলৰ ওচৰলৈ অন্ন আনিবৰ

কাৰণে ধূম্ৰাক্ষৰ পাত্ৰ প্ৰেৰণ।

দুলড়ি।

গালব বদতি,  শুনিয়ো নৃপতি,
 পূৰ্ব্বৰ কাহিনী যত।
তাসম্বাৰ লেখা,  একে লগে দেওঁ,
 একাযুত তিন শত॥
গোটে গোটে নাম,  মুখ্য মুখ্য বাছি
 কহিবোঁ কিছু তোমাত।