পৃষ্ঠা:কুলাচল বধ.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৬
কুলাচল-বধ

আজি দেখো মোৰ কেনে হেন বিপৰ্য্যয়৷
খান্তিৰ ভিতৰে কিয় মৰণ মিলয়॥
দেখা মুনি দুৰ্জ্জনৰ কিমত আশয়।
মহন্তৰ বাক্য বজ্ৰ উলঙ্ঘা কৰয়॥
কোটি কোটি যুগে তাৰ খলন নোহয়।
যাবে বৈষ্ণবত পুনু শৰণ নলয়॥
মহন্ত অগস্তি তান বচন পঞ্জৰ।
অষ্টি ভেদি আছয় ধূম্ৰাক্ষ দানবৰ॥
এহি মতে শৰপাটে শূল নাশ কৈলা।
দানব গোট গৈয়া গলত লাগিলা॥
ছাগলৰ স্কন্ধ তাৰ তীক্ষ্ণ লোমচয়।
ৰত্ন মনিগণে তাত মণ্ডিয়া আছয়॥
মনি সমে তাৰ সবে সোমক ছেদিলা
বজ্ৰসম গল ছেদিবাক নপাৰিলা॥
আগমুৰি শৰপাট দ্বৈলক্ষক পাই৷
ইন্দ্ৰৰ স্থানক গৈলা আকাশে উধাই॥
অৰ্জ্জুনৰ শৰত নভৈল মৃত্যুতাৰ৷
সিদ্ধ বিদ্যাধৰ সবে কৰৈ হাহাকাৰ॥
হেন শৰে তাক ছেদিবাক নপাৰিল৷
পাণ্ডব সবৰ জানো মৰণ মিলিল॥