পৃষ্ঠা:কুলাচল বধ.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
কুলাচল-বধ৷

ইকথা থাকোক আবে শুনা পাছ কথা।
সহদেব নকুলে কৰিলে যেন তথা॥
দুই বীৰে যতমান হানিলেক শৰ।
ৰথত পড়য় কুলাচল দানবৰ॥
গাৱত পড়য় যিবা সিয়ো ঢিল হয়।
দেখি দানবৰ মনে উধুতি বাঢ়য়॥
ভীমে বোলে কেনে হেন ভৈল বিসঙ্গতি।
বীৰথী ৰথিৰ ৰণ মিলিল আহিতি॥
এহি বুলি বৃকোদৰে থমকি আছিল।
ধনু পাই ধনঞ্জয় দুগুণে জ্বলিল॥
বজ্ৰসম ধনু তাত শিলিমুখ শৰ।
মন্ত্ৰ পঢ়ি ধনুত যুৰিলা নিৰন্তৰ॥
অতিবল দিয়া কৰ্ণ মাণে টানিলন্ত।
সিংহনাদ কৰি বীৰে হানি পঠাইলন্ত॥
হৃদয়ত পড়ি পিঠ পাছে বাজ ভৈল।
বৰ প্ৰাপ্ত নিমিত্তে তাহাৰ প্ৰণ ৰৈল॥
ৰথত পড়িৰি ঢলি কৰ্ণৰ তনয়।
সিন্ধ মুনি বিদ্যাধৰে কৰে জয় জয়॥
নকুলে বোলত দদা হানা আকবাৰ৷
দুৰাচাৰ দানব চলোক বনদ্বাৰ॥