পৃষ্ঠা:কুলাচল বধ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কুলাচল বধ৷

ধৰ্ম্মৰাজ বদতি শুনিয়ো মহাজন।
কতেক ব্ৰাহ্মণ হুয়া আছে একস্থান॥
সভাশুনি মনে বড় বিস্ময় মিলিল।
এতমান সম্ভাৰ কমনে বিসৰ্জ্জিল॥
তাম্ৰ ৰৌপ্য সুবৰ্ণৰ যতেক ভাজন৷
কত মান মুনি আসি আছয় শোভন॥
তাসম্বাৰ নাম কহিয়োক মুনিবৰ।
শুনোহোঁ অমৃত কথা তোমাৰ মুখৰ॥
সফল ভৈলোহোঁ আমি পাঞ্চ গুটী ভাই।
বৈষ্ণৱৰ চৰিত্ৰক শুনু তযু ঠাই॥
উদবিগ্ন কৰে মোৰ শুনিবাক চিত্ত।
কহিয়োক গুরু বাপ হওঁ কৃতকৃত্য॥
শুনা সভাসদঁ বনপৰ্ব্ব কণা সাৰ।
ধুম্ৰাক্ষৰ বধ মহা বিচিত্ৰ পৱাৰ॥
ভণে কবিচন্দ্ৰে অতিশয় অল্পমতি।
পুৰণি মিশ্ৰিত হংসকাকীয়ে সহিতি॥
জানি মহাজনে মোক নিন্দা নকৰিবা।
দ্বৈপায়ন বাক্যে আৰ প্ৰমাণ দেখিবা॥
মোৰ বুদ্ধি অল্প কথা অগাধ সাগৰ।
নুবুঝেহোঁ তত্ত্ব অৰ্থ বেদ ৰহস্যৰ॥