পৃষ্ঠা:কুলাচল বধ.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
কুলাচল-বধ

প্ৰসন্ন কৰিয়া মহাধনু টঙ্কাৰিল।
দিব্য শৰচয় অৰ্জ্জুনক প্ৰহাৰিল॥
বাটতে কাটিলা কুন্তীসুত মহাশয়।
কুলাচলে শৰহানে অৰ্জ্জুনে কাটয়॥
বোলে কিনো মনুষ্যৰ চৱাৰ প্ৰভাৱ।
মই বিনে আন কোনে সহে পৰাভৱ॥
এহি বুলি দুইপাট শৰ প্ৰহাৰিল।
এক পাটে ধনুৰ যে গুণক কাটিল॥
আরু পাটে বক্ষঃকাল ভেদিলেক যাই।
হুমকি ৰহিলা বীৰ মহা চোট পাই॥
হেন দেখি নকুলে হানিলা শৰচয়।
তাহাৰ শৰক কট কট নকৰয়॥
অৰ্দ্ধ যোজনৰ তাৰ চৰা ৰথ খান।
চিলমুঠ হুয়া পড়ে নকুলৰ বাণ॥
এতেকে তাহাৰ গাৱে নিবিন্ধিয় ভালে।
দেখি সহদেৰো আসিলেক সেহি তালে॥
দুই ভাই মিলি শৰজাক প্ৰহাৰিল।
দানব ৰাজাৰ চাল নোম নিবিন্ধিল॥
বিষম সমৰ হেন দেখি দেবগণ।
পাণ্ডৱক লাগি সবে খেদ কৰে মন॥