পৃষ্ঠা:কুলাচল বধ.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
কুলাচল-বধ।

জানি বৃদ্ধ জন, কৰি এক মন,
 শান্ত্ৰক বিচাৰি চাই।
তেবে মোক সবে, নিন্দা কৰিবাহা,
 যেবে ইটো কথা নাই।
শাস্ত্ৰ নিবিচাৰি,  পাষণ্ডেসে নিন্দে,
 পৰম সিটো অজ্ঞান।
বৈষ্ণব সবৰ  সুকীৰ্ত্তি বাঢয়,
 তাৰ নৰকত থান।
ভাৰত ভূষণে, কৃষ্ণৰ চৰণে,
 শৰণ মাগয় পড়ি।
পাণ্ডব চৰিত, কুলাচল বধ,
 ৰচিলা পদ দুলড়ি।
জানি সভাসদ, হুয়া নিশবদ,
 ইহাক কৰা শ্ৰৱণ।
ঘোৰ সংসাৰত, কৃষ্ণ কথা বিনে,
 নাহিকে আন তৰণ॥
বিষয় সম্পদ, ক্ষণে নাশ হয়
 পাপ বাঢ়ে নিতে দাম।
আৰ আশা এড়ি,  সাতে পাচেঁ বেঢ়ি,
 ডাকি বোলা ৰাম ৰাম॥