পৃষ্ঠা:কুলাচল বধ.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
কুলাচল-বধ।

আন কোন জন, সখা আছে কৈয়ো,
 বলীনো কত সিজন।
আমৰাৰ কিনো,  দোষ পাইলা তোৰা,
 বাঢ়ি কৰ সবে ৰণ॥
কতবা দোষক, আচৰিলে তোৰ,
 মোৰ ইটো প্ৰজাগণ।
নুহি তিৰী বৈৰী,  সীমা বৈৰী নুহি,
 কিসক হেন লক্ষণ॥
অনাদোসে যিটো,  লোকক মাৰয়,
 নুহিকে ক্ষত্ৰিয় জন।
বালক সকলে, উলঙ্ঘা কৰয়,
 বৃদ্ধক যে কি কাৰণ॥
তুমি চাৰি গুটি, মনুষ্য বালক,
 কি কাৰ্য্যে আসি মৰিলা।
যেন বিষফল, নজানি অজ্ঞান,
 মনুষ্যে পান কৰিলা।
এহিমতে আনো, নানা মতে ভাৱে,
 যত বুলিলেক বাক।
সংক্ষেপ পব্বাৰে, পদ বাঢ়ে দেখি,
 নিলিখিলোঁ আমি তাক॥