পৃষ্ঠা:কুলাচল বধ.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
কুলাচল-বধ।


অপযশে যশি, মৰণ মিলয়,
 তাকেসে মৃত্যুবোলয়।
কুবৃত্তি মৰণে, জানিবা নিশ্চয়,
 নৰকত বাস হয়।
এহিমতে যেবে, কাহিনী কহিয়া,
 চাৰিয়ো পাণ্ডব আছে।
আগে বাঢ়ি যাই,  কুলাচল ৰাজা,
 বচন বুলিলা পাছে।
অৰ্দ্ধ যোজনৰ, উপৰৰ পৰা,
 বুলিবে লৈলা বচন।
শুন অৰে কৈব আচল মনুষ্য,
 মোহোত দেস চিনন॥
কৈৰপৰা ঐত,  আসিয়া মিলিলি
 ঠনগণ চাৰি জন।
কতনো তোহোৰ শকতি আছয়
 মাৰ মোৰ বীৰগণ॥
ইতিনি লোকত, মোহোক জোঙ্কাৱে,
 হেন নাহি বৰিতলে।
ভয় সৰে জানো নৌউ শুন মোৰ
 কথাক কৰ্ণে কেবলে॥