পৃষ্ঠা:কুলাচল বধ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
কুলাচল-বধ।


মোৰ মনে কিছুমানো সুখ নকৰয়।
জানো কুলাচল বীৰে ভীমক ঢালয়॥
এহি বুলি চাৰি ভিতি চক্ষু বলাই চাইলা।
ধবল ৰজনী দূৰে দৰশন পাইলা॥
থাক সহদেব বুলি লৱড়েক দিল।
দশ দণ্ড পথ চাৰি দণ্ডে যে মিলিল॥
ওচৰ চাপিয়া বোলে কি ভৈল বিপত্তি।
মিলিল মৰণ দেখো ভীমৰ অহিতি॥
এহি বুলি ধনু এড়ি সাবটি ধৰিল।
দদা দদা বুলি পাছে মাতিবে লাগিল॥
বজ্ৰৰ সন্ধানে বৃকোদৰক ঢালিল।
মহাবীৰ অচেতনে ভূমিত পড়িল॥
বপুসুতে বোলে মুনি শুনিয়ো বচন।
একে স্থানে ৰৈলা পাণ্ডু পুত্ৰ তিনি জন॥
বজ্ৰকেতু বোলে মোৰ পুৰ ভৈল মন।
আচল মনুষ্য তিনি গোট এক থান॥
ইয়ো দুই গোটকো মাৰিবোঁ ঘোৰ বাণে।
তিনিকো ৰথত তুলি নিবোঁ ৰাজা স্থানে॥
এহিবুলি তিনি পাট শৰ তুলি লৈল।
ধনুত জুৰিয়া মাৰিবাৰ মন কৈল॥