পৃষ্ঠা:কুলাচল বধ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
কুলাচল বধ৷

দেখা মুনিবৰ কেনে ভক্তৰ মহত্ব।
সুবাৰৰ ব্ৰহ্ম সৃষ্টি দহিবে শকত॥
কিন্তু মাধৱৰ সেবা মনত মানিয়॥
হৰিৰ আজ্ঞাক মানি থাকয় ৰহিয়া॥
ইকথা থাকোক পাছ কথা শুনিয়োক
ৰাজাৰ পাছত বহিলেক সৰ্ব্বলোক॥
দেখি ৰাজা বৰ বৰ বীৰ আগে আনি।
সবাকো মাতিয়া বোলে খৰতৰ বাণী॥
শুনা মহাবীৰ সৰে আমাৰ বচন।
আচল মনুষ্য তাক জপায়োক ৰণ॥
ৰাজা সবে যাহা সবে কৰি দৃঢ়তৰ।
সবে মিলি সাজ হুয়া মনুষ্যক ধৰ।
ধৰিবাক যদি নপাৰাহা বুদ্ধিবলে।
কোবায়া মাৰাহা তোৰা বেঢ়িয়া সকলে॥
দেখা দেখা মহা মহা মত্তহস্তীচয়।
দ্বিতীয় অযুত পাঞ্চ সহস্ৰ হোৱয়॥
অগনি লাগিয়া সবে পুড়িয়া মৰিল৷
অসংখ্য হাজাৰ মহাবীৰ বিনাশিল॥
আমাৰ আগত মহাবীৰ বিলাইলেক৷
প্ৰতিকাৰ আজি তাৰ কৰিবো প্ৰত্যেক॥