পৃষ্ঠা:কুলাচল বধ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
কুলাচল-বধ।

বিষম সমৰ মিলিলেক ঘোৰতৰ।
হেন শুনি অজ্জুনে ধৰিয়া দিব্যশৰ॥
নবাচ ভূষণ্ডি সৰ্প মুখ ত্ৰিকন্টক।
প্ৰহাৰিবে লৈলা মত্তহস্তী সমুহক॥
হস্তীৰ শুণ্ডৰ ডাঙ্গ সৱ খৰতৰ।
তাহাত লাগিয়া চিটিকিয়া যাই শৰ॥
হেন দেখি কুন্তীসুত বীৰ মহাশয়।
ধনুত যুৰিলা আনি অগ্নি শৰচয়॥
হস্তী সেনা সমুহক কৰিলা প্ৰহাৰ।
উঠিল অগনি ধম ধম অনিৰ্ব্বাৰ॥
প্ৰলয়ৰ বহ্নি যেন দশোদিশ চলি।
দহিয়া নিৱয় যেন তুলাত অগনি॥
পৰ্ব্বত সমান হস্তী বহ্নি তাপ পায়।
গিৰিশ গিৰিশ কৰি ভাগিয়া পলায়॥
কতো গোটে আধাপোড়া হুয়া পাক ফুৰে৷
মাহুতে সহিতে কতো ভূমিত বাগৰে॥
হাজাৰ দশেক মানে পুড়িয়া মৰিল৷
ষাঠি হাজাৰেক মানে জলত ডুবিল॥
মাহুত উবাৰি সবে বনচয় ভৈলা৷
সপ্তহস্তী তথা আৰু গোটেকো নৰৈলা॥