পৃষ্ঠা:কুলাচল বধ.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
কুলাচল-বধ।

এতেকে তাহাৰ জানা মৰণ মিলয়।
ধুত্ৰাক্ষ দানৱে ভালে ইহাক জানয়॥
এতেকেসে সিটো তাৰ বাজ নোহোৱয়।
খান্তিৰ ভিতৰে সৈন্য মাজত আছয়॥
হুসকিয়া সেনা সবে সমীপ চাপিল॥
যেন মহা সাগৰক কাখৰে ৰাখিল॥
গিৰ গিৰ কৰি সবে ভয়ে হোসকয়।
ৰহ ৰহ বুলি সবে চেৱটিয়া চয়॥
ডাঙ্গ ধৰি কোবাৱয় তথাপি নৰয়।
নোকোবাবি বুলি সবে কাতৰ কৰয়॥
হস্তী যুথ বহি আহে তাহাৰ কোলত।
যুড়িয়া আছয় তিনি প্ৰহৰৰ পথ॥
সেহি বেলা হস্তিয়াৰ সেনা আগুলিল।
মাহত সমূহে ঘোৰ শৰজাক দিল॥
লোহাৰ মুষল প্ৰহাৰয় গজচয়৷
তাৰ ছোটে মহা মহা পৰ্ব্বত ভেদয়॥
অস্ত্ৰ শস্ত্ৰ হানিবাৰ চেগ নাহি কয়৷
অৰ্জ্জুনক বৃকোদৰে বচন বোলয়॥
শুনা বাপু শৰ হানি মাৰা হস্তীচয়৷
দেখা হস্তী হস্তিয়াৰ সেনা অতিশয়৷